A whimsical dreamer chasing fireflies, a wayfarer wandering through lanes of magic and poetry.

Thursday, March 15, 2012

তীৰ্থযাত্ৰা




পবিত্ৰ হালধীয়া

অগ্নিৰ ডেউকাৰে বিস্ত্ৰিত

সুগঢ়ী সুৰুজমুখীৰ

কিচকিচিয়া কলা কেন্দ্ৰতোৰ দৰে নিৰ্দিষ্ত
মোৰ তীৰ্থযাত্ৰাৰ পথ |



পাৰ্থিৱ জীৱনে

চৰম সত্য স্ব্তেও

স্বতন্ত্ৰতা কিম্বা নতুনত্বৰ

এক পৰিবৰ্তিত ভবিষ্যতৰ বাবে
ক্ৰান্তি ক্ৰন্দনৰ দৰে
মোৰ তীৰ্থযাত্ৰাৰ পথ |



দুৰ্ঘোৰ তমসা 

ধুসৰ ৰ’দালি

কালসন্ধ্যা কালধুমুহাকো নেওচি
বসন্তৰ কুসুমে
কুন্জে-কুন্জে প্ৰস্ফুতিত হ্য়
নানা ৰং ৰন্জিত নয়নৰ দৰে
মোৰ তীৰ্থযাত্ৰাৰ পথ |  



No comments:

Post a Comment